Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা।

লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ কাৰণে বংগ প্ৰদেশৰ আয়তন সৰু কৰাৰ যুক্তি দিছিল যদিও ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল। ব্ৰিটিছ চৰকাৰৰ দ্ৱাৰা বংগ বিভাজনৰ প্ৰধান উদ্দেশ্য়সমূহ চমুকৈ তলত উল্লেখ কৰা হ'ল ঐক্যবদ্ধ বংগ শক্তিক দ্বি-খণ্ডিত কৰা। ব্ৰিটিছ সাম্ৰাজ্য়ৰ সুস্থিৰতাৰ ভাবুকিৰ অৱতাৰণাৰ পৰা হিন্দু-মুছলমানৰ মাজৰ একতা বিনষ্ট কৰা। ব্ৰিটিছে বংগ ভংগ আঁচনিৰ জৰিয়তে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বি-খণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। কংগ্ৰছ দলৰ ব্ৰিটিছ বিৰোধী চৰম পন্থীসকলক নিয়ন্ত্ৰণ কৰা।

Write Your Answer