বৰ্তমানৰ যুগ হৈছে বিজ্ঞানৰ যুগ। বিজ্ঞানৰ মানৱ জাতিলৈ মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি।বিজ্ঞানী সকলে কোন বস্তু বা ঘটনা লক্ষ্য বা পর্যবেক্ষণ কৰে,তাৰ নতুন তথ্য আৰু নতুন পর্যবেক্ষণেৰে তেওঁলোকে আগৰ উপকল্প বা ধাৰণাটো সঁচা নে মিছা সেয়া প্রমাণ কৰিহে গ্ৰহণ কৰে।
বৈজ্ঞানিক মানসিকতাই সমাজৰ প্রগতিত অৰিহণা যোগায়।বৈজ্ঞানিক মানসিকতা থকা ব্যক্তিয়ে কেতিয়ও ভুত-পিশাচ ,দেৱ-দেৱতা আদি বিশ্বাস নকৰে যদিহে এইবোৰৰ কোনো প্রমাণ নাথাকে।তেনেদৰে বৈজ্ঞানিক মানসিকতা থকা ব্যক্তিয়ে সপোনত পোৱা ঔষধৰ ওপৰতো বিশ্বাস নকৰে। কাৰণ এইবোৰে ব্যক্তি আৰু সমাজৰ অনিষ্ট সাধন কৰে।ঠিক সেইদৰে বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসম্মত কাৰণ,দাঁতৰ পোক ধৰাৰ কাৰণ,ডাইনী হত্যা আদি অন্ধবিশ্বাসৰ বিষয়ে জনাত আমাক বৈজ্ঞানিক মানসিকতাৰ প্ৰয়োজন।