কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰ অনুভৱে কেনেকৈ প্ৰাণীজগতক অপাৰ্থিৱ,অনিৰ্বচনীয় আনন্দ দিব পাৰে,কবিয়ে তাকেই প্ৰকাশ কৰিব বিচাৰিছে৷যখিনী কন্যা যেন কণমানি ছোৱালী এটিয়ে এটা হৰিণী পোৱালি আনি জানৰ পাৰত পানী খুৱাইছে৷এপাকত আকৌ আন দুজনীৰে সৈতে মুকলি চুলিৰে টুকটুককৈ চাপৰি বজাই নাম ধৰিছে,ফুল ছিঙিছে,কপৌক সাৱটি ধৰি চুমা যাচিছে,সোপাত বনৰ পখিলা গুঁজিছে৷মুকুতাৰ মণি শিৰত জিলিকা তাই সৌন্দৰ্যময়ী কুঁৱৰী, জলৰ দেৱী নীয়ৰীৰ লগত তুলনা কৰিছে৷চাক্ষুষ দৃষ্টিৰে প্ৰত্যক্ষ কৰা প্ৰকৃতি জগতখনৰ মাজত যে আন এক অপাৰ্থিৱ সত্ত্বা লুকাই থাকে,কবিয়ে যেন তাকেই সন্ধান দিব বিচাৰিছে ৷