'বনকুঁৱৰী' কবিতাটোৰ কবিয়ে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত উমলি ফুৰা বনকুঁৱৰীৰ ৰূপ আৰু ধেমালি দেখি এক অনিৰ্বচনীয় আনন্দৰ সন্ধান পাইছে ৷
এক গহীন নিজান দুপৰ বেলা কোনোবাই যেন সুহুৰি মাৰি কাৰোবাক আমন্ত্ৰণ জনাইছে৷বতাহৰ বা লাগি গছৰ আগবোৰে হালি জালি নাচিছে,পাতবোৰ থৰথৰকৈ কঁপিছে আৰু শুকান পাতত মৰমৰ ধ্বনি উঠিছে৷লতাবোৰে মৰমতে যেন ইটোৱে সিটোক সাৱটি ধৰিছে আৰু পাতৰ আঁৰৰ কপৌটিয়ে জুমি জুমি তাক চাবলৈ ধৰিছে৷কুলুকুলুকৈ বৈ যোৱা নদী খনলৈ চাই বিৰিখে হালি জালি হাঁহিছে৷তাৰ মাজতে আকৌ বকুল এজোপা,তামোল,লেটেকুৰে ভেটি এটাই এৰাবাৰী এখনৰ চিন দাঙি ধৰিছে৷তাত বাঁহৰ মাজে মাজে যেন কোনোবা ঘূৰি ফুৰিছে৷পাতে পাতে ফুচফুচাই কিবা কথা পাতিছে,গাতে গা লগাই কপৌ দুটিয়ে মনৰ মৰম যাচিছে৷যখিনী কন্যা যেন কণমানি ছোৱালী এটিয়ে এটা হৰিণী পোৱালি আনি জানৰ পাৰত পানী খুৱাইছে৷এপাকত আকৌ আন দুজনীৰে সৈতে মুকলি চুলিৰে টুকটুককৈ চাপৰি বজাই নাম ধৰিছে,ফুল ছিঙিছে,কপৌক সাৱটি ধৰি চুমা যাচিছে,সোপাত বনৰ পখিলা গুঁজিছে৷মুকুতাৰ মণি শিৰত জিলিকা তাই সৌন্দৰ্যময়ী কুঁৱৰী,লগত জলৰ দেৱী নীয়ৰী৷বতাহে মৰমৰ ভিক্ষাৰী হৈ প্ৰাণৰ অমিয়া মাধুৰী বিচৰাত দুয়ো প্ৰকৃতি কুঁৱৰীয়ে বতাহক মিচিকি হাঁহিৰে আনন্দিত কৰিছে৷আনন্দৰ ঢৌৱে সমগ্ৰ প্ৰাণীৰ প্ৰাণ শিহৰিত কৰি তুলিছে ৷