বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক ৰামৰ সৈতে যুদ্ধ নকৰিবলৈ আৰু সীতাক স-সন্মানেৰে ঘূৰাই দিবলৈ উপদেশ দিছিল ৷ কিন্তু বিভীষণৰ এই সহজ উপদেশৰ বিপৰীতে ৰাৱণৰ ৰাজসভাত থকা পাত্ৰ মন্ত্ৰী সকলে ৰাৱণক যুদ্ধৰ বাবেহে উচতনি দিছিল ৷ তেওঁলোকে ৰাৱণক ক’লে যে, ভুলবশতঃ হে হনুমানে লংকা দাহ কৰিবলৈ সক্ষম হ’ল ৷ সম্প্ৰতি শত্ৰুৰ আক্ৰমণ প্ৰতিহিত কৰিব পৰাকৈ এতিয়া সকলো সাৱধান হৈ আছে ৷ তেনে ক্ষেত্ৰত ৰামৰ দৰে সাধাৰণ মানুহ এজনক ভয় কৰাৰ কোনো প্ৰয়োজন নাই বুলি মন্ত্ৰীবোৰে ৰাৱণক যুদ্ধৰ বাবে প্ৰস্তুত হ’বলৈ ক’লে ৷