লংকাধিপতি ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ কথা জানিব পাৰি ৰামে বান্দৰ সৈন্যৰ সহযোগত লংকা অভিযান আৰম্ভ কৰে ৷ এই কথা জানিব পাৰি ৰাৱণৰ মাতৃ নৈকেষী চিন্তিত হৈ পৰে ৷ তেওঁ বিভীষণক ৰাৱণৰ ৰাজসভালৈ গৈ ৰাৱণক যুদ্ধৰ পৰা বিৰত থাকিবলৈ উপদেশ দিয়ে ৷ সেই অনুসৰি বিভীষণ ৰামৰ ৰাজসভাত উপস্থিত হয় ৷ পাত্ৰ-মন্ত্ৰী সমন্বিতে বহি থকা ৰাৱণক ৰাজোচিত সন্মান জনাই তেওঁ কয় যে,ৰাম জগতৰ প্ৰতি আৰু যুদ্ধ হ’লে তেওঁৰ হাতত স্বৰ্ণলংকা ধ্বংস অনিবাৰ্য ৷ অনতিপলমে বান্দৰ সেনাৰ সহযোগত সাগৰ পাৰ কৰি লংকাত প্ৰৱেশ কৰিব আৰু সীতাকো উদ্ধাৰ কৰি লৈ যাব ৷ ইয়াত বাধা দিব পৰা ক্ষমতা কাৰো নাই ৷ সেয়ে সময় থাকোঁতেই ৰাৱণে সীতাক স-সন্মানেৰে ৰামৰ হাতত গতাই দিয়া উচিত৷