ব্য়ক্তিয়ে মাতৃভাষাত সম্পূৰ্ণ দক্ষতা অৰ্জন কৰিবৰ বাবে থাকিবলগীয়া গুণবোৰ তলত উল্লেখ কৰা হ'ল 一
(i) ভাষাবোধ অৰ্থাৎ সেই ভাষাত আনে কোৱা কথা ভালকৈ বুজাৰ দক্ষতা থাকিব লাগিব।
(ii) সেই ভাষাৰ বিশিষ্ট ধ্বনি আৰু উপধ্বনিবোৰৰ জ্ঞান অৰ্থাৎ অকলে আৰু শব্দত তাৰ স্থান অনুসৰি হোৱা উচ্চাৰণৰ পাৰ্থক্য় সম্পৰ্কে জানিব লাগিব।
(iii) ভাষাটোৰ ব্য়াকৰণগত গাঁথনি, বিভক্তি, পদাশ্ৰিত নিৰ্দেশক আদিৰ ব্য়ৱহাৰ আৰু বাক্য়-গাঁথনি সম্পৰ্কত সামগ্ৰিক ধাৰণা।
(iv) লিখিত ভাষা হ'লে আখৰ, আখৰ জোঁটনি আদি সম্পৰ্কে সম্য়ক ধাৰণা থাকিব লাগিব।
(v) ভাষাটো শুদ্ধভাৱে কোৱা আৰু লিখিত ভাষা হ'লে পঢ়িব আৰু লিখিব পৰা হ'ব লাগিব।
(vi) ভাষাটোৰ জঁতুৱা ঠাঁচ আৰু খণ্ডবাক্য়ৰ ওপৰত দখল থাকিব লাগিব।