April 2, 2025, 2:16 a.m.
প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত "দৃশ্যান্তৰ" নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ উক্ত কবিতাফাকিৰ দ্বাৰা কবিয়ে ক'ব বিচাৰিছে যে সেউজীয়া গছ-গছনিৰে ভৰা ঠাইবোৰ ধ্বংস কৰি মানুহে সেই ঠাইত ঘৰ-দুৱাৰ সাজিছে। মানুহে কিদৰে সেউজীয়া অৰণ্যবোৰ কংক্ৰীটৰ ভাৱে হাবিলৈ পৰিণত কৰিবলৈ ধৰিছে তাকে ক'ব বিচাৰিছে।
ব্যাখ্যা: সময়বোৰ যিদৰে সলনি হয়, সেই সময়ৰ লগে লগে প্ৰাকৃতিক পৰিৱেশ, সামাজিক পৰিৱেশ আদিও সলনি হয়। এটা সময়ত সেউজীয়া পৰিৱেশত থাকি ভাল পোৱা মানুহবোৰে সময়ৰ লগে লগে শিল, বালি, ইটা আদিৰে বৃহৎ বৃহৎ অট্টালিকা গঢ়ি তোলে। সেই চহৰ বুলি কংক্ৰীটেৰে গঢ়ি উঠাৰ দৰে মানুহৰ মনবোৰো কংক্ৰীটেৰে গঢ়ি উঠে। মানুহৰ মনবোৰ সহজ-সৰল, কোমল ৰূপৰ সলনি শিলৰ দৰে কঠিন আৰু কঠোৰ হৈ পৰিল। ভালদৰে এটা মূহুৰ্তৰ বাবেও সময় উলিয়াই মানুহৰ মনৰ বতৰা ল'বৰ বাবে কোনো কাৰো সময় নোহোৱা হৈ পৰিল। যিদৰে অৰণ্যত জীৱ-জন্তু লুকালে বিচাৰি পোৱা সহজ নহয়, ঠিক একেদৰে মানুহৰ মনবোৰো যদি কংক্ৰীটৰ দৰে কঠিন হৈ পৰে তাক আৰু পুনৰ বিচাৰি পোৱা নাযায়। সেইবাবে হয়তো কবিয়ে ভাৰাঘৰ বিচাৰি অহা বুলি সোধা মানুহজনক এটা সময়ৰ পিছত পুনৰ বিচাৰি নাপালে। মানুহৰ মনত মানৱীয়তা, আন্তৰিকতা আদি নাথাকে তেন্তে মানুহ কেতিয়াও সুখত থাকিব নোৱাৰে। সেয়েহে কবিয়ে কৈছে কংক্ৰীটৰ অট্টালিকাৰ মাজত যেন মানুহবোৰৰ মানৱীয়তা হেৰাই পশু সদৃশ হৈ উঠিছে।