Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ব্যাখ্যা কৰা:- (ক) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।

প্ৰসংগঃ উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি "অসমীয়া সাহিত্য চয়নিকা"ত অন্তগৰ্ত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত "ভাৰতীয় সংস্কৃতি" নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ লিখকে ভাৰতীয় সংস্কৃতিৰ মূল সম্পদসমূহৰ বিষয়ে উক্ত কথাষাৰত উল্লেখ কৰিছে।

বাখ্যাঃ ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। আৰ্য, অনাৰ্য, দ্ৰাবিড়, মংগোলীয় আদি বিভিন্ন জনগোষ্ঠীৰ সানমিহলি, সংস্কৃতি আদি বিভিন্ন বিনিময়ৰ যোগেদি ভাৰতীয় ৰূপ পৰিগ্ৰহ কৰিছিল। অতিজৰে পৰা ভাৰতবৰ্ষলৈ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠী লোকৰ প্ৰব্ৰজন ঘটি আহিছিল। ইয়াৰ উপৰিও ক'ব পাৰি যে এঘাৰশ শতিকাৰ আগৰে পৰা এছিয়া, ইউৰোপ, ব্ৰহ্মদেশ, আফগানিস্তান, কম্বোদিয়া, ইণ্ডোনেছিয়া আদি বিভিন্ন ঠাইৰ পৰা বিভিন্ন জাতি ভাৰতলৈ আহিছিল। এওঁলোকে সাংস্কৃতিক বিনিময়ৰ যোগেদি ভাৰতীয় আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সংমিশ্ৰণত ভাৰতীয় সংস্কৃতিয়ে বিশাল ভূমিকা লাভ কৰিছে। ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদিৰ ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। এসময়ত আৰ্যসকলৰ আগমন ঘটিছিল যদিও তেওঁলোকে ইয়াত বসবাস কৰা দ্ৰাবিড়, মংগোলীয় আৰু অনান্য শিল্পকলা, স্থাপত্য, ভাস্কৰ্য আদিক গ্ৰহণ কৰি নতুন ৰূপ দিছিল। আৰ্যসকলৰ প্ৰচেষ্টাৰ বাবে একালত ভাৰতীয় সংস্কৃতি সমগ্ৰ দক্ষিণ-পূৱ এছিয়ালৈকে স্পৰ্শ কৰাইছিল। গ্ৰীক, শক, হুণ প্ৰকৃতিৰ আগমনেও ভাৰতীয় সংস্কৃতিক ক্ৰমান্বয়ে সমৃদ্ধ কৰিছিল। এইদৰে বিভিন্ন সাংস্কৃতিক সম্পদেৰে ভাৰতীয় জীৱন সমৃদ্ধ হৈছিল। আনকি ভাৰতীয় শুকান মৰুভূমি, মৌচুমী বায়ুৰ প্ৰভাৱ তথা হিমালয়ৰ বৈচিত্ৰ্যময় প্ৰাকৃতিক শোভাইও ভাৰতীয় জীৱনৰ সংস্কৃতিৰ অবিচ্ছিন্ন প্ৰভাৱ যুগ যুগ ধৰি আহ্বান জনাই আহিছে।

Write Your Answer