“পাচে পাচে যশোদা খেদন্ত।
ভয়ে লাগ মাৱক নেদন্ত”
উক্ত কবিতাফাঁকি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত ‘শিশুলীলা’ ৰ পৰা তুলি দিয়া হৈছে।
পৰম ভক্ত যশোদাই নিজা ভকতিৰ বলত ত্ৰিজগতৰ পতি হৰিক পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল। শ্ৰীকৃষ্ণয়ো শিশুৰূপে মাতৃ যশোদাৰ লগত নানান লীলা খেলা কৰিছিল। মাকৰ স্তনপান কৰিব নাপায় শিশু কৃষ্ণই দৈ লৱনুৰ টেকেলি শিলগুটি মাৰি ভাঙিছিল। লৱনুবোৰ মজিয়াত চটিয়াইছিল নিজেও খাইছিল আৰু বান্দৰকো দিছিল। যশোদাই কৃষ্ণৰ এই কাণ্ডদেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত বাৰী তুলি লৈছিল মাকৰ খং উঠা দেখি কৃষ্ণই ভয়তে পলাইছিল। এনেদৰে মাতৃ পুত্ৰৰ মাজত হোৱা খং অভিমানৰ চিত্ৰ কবিয়ে কবিতাফাঁকিৰ জৰিয়তে খুব সুন্দৰকৈ বৰ্ণনা কৰিছে।