প্ৰসংগঃ উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি "অসমীয়া সাহিত্য চয়নিকা"ৰ অন্তৰ্গত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত "ভাৰতীয় সংস্কৃতি" নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ লিখকে শিল্প সাধনৰ মূলতে দুটা উদ্দেশ্য জড়িত হৈ থাকে বুলি কৈছে। ইয়াৰ প্ৰকাশ কিদৰে ঘটে তাকেই ক'বলৈ কথাষাৰ উল্লেখ কৰিছে।
ব্যাখ্যাঃ সাধাৰণতে সকলো ধৰণৰ আৰ্টৰ মূলতে দুটা দিশৰ উন্মোচন কৰে। এটাৰ উদ্দেশ্য হৈছে কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি আৰু আনটোৰ উদ্দেশ্য হৈছে সংযম আৰু আড়ম্বৰহীনতা। এটাৰ অভ্যন্তৰীণ দিশটোৱে মানুহৰ অন্তৰৰ অনুভূতিক জগাই তোলে। আনহাতে বাহ্যিক দিশটোৱে দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে। আৰ্ট বা কলাৰ উদ্দেশ্য হৈছে আনন্দ প্ৰদান কৰা আৰু তাৰ যোগেদি শৈল্পিক অনুভূতিৰ সঞ্চাৰ কৰা। সূক্ষ্ম আৰ্টে মানুহৰ অন্তৰ তীব্ৰ অনুভূতিৰ সঞ্চাৰ কৰি মানুহক অভিভূত কৰি তুলিবলৈ সক্ষম হৈছে। প্ৰথমবিধ আৰ্টে বাহ্যিক জাকজমকতাৰ যোগেদি আত্মপ্ৰকাশ কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰি তুলিব বিচাৰে। আনহাতে, দ্বিতীয়বিধে আড়ম্বৰহীনতাৰ মাজেদি মানুহৰ অনুভূতিত প্ৰৱল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি যুগমীয়া প্ৰভাৱ বিস্তাৰ কৰি তোলে।