প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত "মই অসমীয়া" নামৰ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ উক্ত কবিতাফাকিৰ জৰিয়তে কবিয়ে জন্মভূমিৰ প্ৰতি অফুৰন্ত প্ৰেম প্ৰকাশৰ কথা কৈছে।
ব্যাখ্যাঃ কবিৰ মতে জন্মভূমি অসমখন প্ৰাণৰো প্ৰাণ। অসমীয়া বুলি কবিয়ে নিজে গৌৰৱ অনুভৱ কৰে। অসমীয়া সকলে নিজদেশ ৰক্ষাৰ হকে একগোট হৈ মোগলকো যুদ্ধত পৰাস্ত কৰিবলৈ প্ৰস্তুত হৈছিল। কবিয়ে সেইবাবে অসমীয়া জাতিক লৈ উৎফুল্লিত। কবিয়ে নিজৰ জন্মভূমিক ধৰ্ম ৰূপে গণ্য কৰে। অসমীয়া ভাষাটোক কবিয়ে সাগৰীয় ভাষা হিচাপে গণ্য কৰে। যি ভাষাত ৰচিত গীত, কথা, মাত আদি বনৰীয়া চৰাই আদিকো আকষৰ্ণ কৰিব পাৰে। সেই ভাষা, গীতে কবিৰ হৃদয় উপচাই ৰাখে। কবিয়ে অসমীয়া ভাষাটোক ইমানে ভাল পায় যে মৃত্যুৰ পাছত সৰগতো এই ভাষাৰ গান শুনিব বিচাৰিছে। এনেদৰে অসমীয়া ভাষাটো কবিৰ দেহে মনে সোমাই আছে। কবিয়ে সেইবাবে মৃত্যুৰ পিছতো তেওঁৰ প্ৰাণ অসমতে পুনৰ জন্ম ল'ব বিচাৰে।