Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ব্যাখ্যা কৰাঃ- মােগলে এবাৰ পালে শকতিৰ নৱ পৰিচয় দেশ-প্রাণ, মুক্ত-প্রাণ, অসমৰ স্বদেশ ভকতি।

প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত "মই অসমীয়া" নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ কবিতাফাকিৰ জৰিয়তে কবিয়ে ক'ব বিচাৰিছে যে যুদ্ধক্ষেত্ৰত অসমীয়াৰ স্বদেশ প্ৰেমৰ পৰিচয় মোগল সকলে কেনেকৈ পালে, সেই বিষয়ে ক'ব বিচাৰিছে।

বাখ্যাঃ সপ্তদশ শতিকাত আহোম সকল অসমৰ শাসক আছিল। মোগল সকলে অন্য প্ৰান্তত থাকি অসমখনক আক্ৰমণ কৰিবৰ বাবে মন মেলিছিল। অন্য প্ৰান্তত থাকিও অসমক আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগল সকল আহি অসমত ভৰি দিলে। অসমখনক জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিলে চৌদিশে সেউজীয়া ভূমি। মোগল সকলে অসমত প্ৰৱেশ কৰি সেউজীয়া ভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰ আধিকাৰী বুলি বুজি পালে। দেশ ৰক্ষাৰ হকে যে অসমৰ পুৰুষ মহিলা সকল যুদ্ধক্ষেত্ৰ ৰাঙলী কৰিবলৈ প্ৰস্তুত সেই কথা মোগল সকলে অনুমান কৰিব পাৰিলে। অসমৰ পুৰুষ মহিলা সকলে শত্ৰুৰ আক্ৰমণ বুকু পাতি ল'বলৈ অকণো কুন্ঠাবোধ কৰা নাছিল। শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰ নত কৰি মোগল সকল অহা বাটে উভতি গৈছিল।

Write Your Answer