প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত "মই অসমীয়া" নামৰ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ কবিতাফাকিত কবিয়ে অসমৰ সৌন্দৰ্যৰ বিমুগ্ধ মোগলৰ অনুভৱৰ বিষয়ে কৈছে।
ব্যাখ্যাঃ অসমক সেউজীয়া দুবৰিৰ দেশ বুলি কোৱা হৈছে। অসমৰ বননিক মিনাকৰা বুলিও কোৱা হৈছে। নিয়ৰ পৰি থকা পাতবোৰত ৰ'দ পৰি এনেদৰে চিকমিকাই উঠে যেন মণি-মুকুতা হে খচিত আছে। অসমৰ ধূলিয়ে-বালিয়ে যেন মণি-মুকুতা, সোণৰ দৰে আপুৰুগীয়া সম্পদ হে আছে। অসম খনৰ সৌন্দৰ্য অতুলনীয়। অসমৰ মূল্যৱান সম্পদ হ'ল হাতীৰ দাঁত। হাতীৰ দাঁতেৰে খৰমৰ চুলা সজা হয়। প্ৰৱাল মণিৰে সজা দলঙত ভৰি ধোৱা হয়। আনকি বাঘৰ নখেৰে নিৰ্মিত খাৰু, আঙুঠি আদিও মানুহে পিন্ধা দেখা যায়। ম'হৰ শিঙেৰে পেঁপা বজাই আনন্দত নাচে। অসমৰ অসমীয়া ভাষা শুৱলা। অসমৰ সাগৰীয় ৰূপ দেখি তেওঁলোক এনেদৰে মোহিত হ'ল যে তেওঁলোক নিজ অসমতে থাকি গ'ল।