Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ব্যাখ্যা কৰাঃ-"যখৰ পোৱালিহঁতে কাক কোনে চায়"।

প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত "দৃশ্যান্তৰ" নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ উক্ত কবিতাফাকিৰ জৰিয়তে কবিয়ে অট্টালিকাত বাস কৰা মানুহৰ মানসিকতাৰ কথা কৈছে।

ব্যাখ্যা:- সময় নৈৰ সোঁতৰ দৰে আগবাঢ়ি গৈছে। পঁচিশ বছৰ আগতে এজন মানুহে গাঁৱৰ এটা পঁজাত বাস কৰিছিল। মানুহজনে গধূলি কমকৈ দেখিলেও আত্মীয়তাবোধ আৰু মৰমৰ মাজেৰে সুন্দৰ, শান্তিৰ মাজেৰে সেই সৰু পঁজাঘৰটোত বাস কৰিছিল। কিন্তু এতিয়া কবিয়ে পঁচিশ বছৰ পিছত যেতিয়া সেই ঠাইলৈ গ'ল তাত তেওঁ দেখিলে সাতমহলীয়া অট্টালিকা। গাওঁৰ সেই পৰিৱেশ নাই। গাঁওখন এতিয়া নগৰ লৈ পৰিণত হৈ পৰিছিল। মানুহবোৰ বাঢ়িছে কিন্তু মানুহবোৰৰ মাজত আত্মীয়তা নাইকিয়া হৈ গৈছে। সেই সাতমহলীয়া অট্টালিকাত থকা মানুহবোৰে ইজনে আনজনক সন্দেহৰ চকুৰে চাই। যিদৰে কৃপন মানুহৰ ধন কোনো কামত নাহে, নগৰীয়া মানুহৰ কৃত্ৰিম আদৰৰো কোনো মূল্য নাই। সাতমহলীয়া অট্টালিকাত বাস কৰা লোকসকলে ধন-সোণ উপাৰ্জন কৰি যখৰ দৰে ৰাখি থৈছিল। তেওঁলোকে কাৰোবাৰ বিপদ হ'লে সহায় কৰা দূৰৰে কথা আনকি মানুহ এজন মৰিলেও দাহ কৰিবলৈ আগবাঢ়ি অহা নাছিল। কবিতাফাকিৰ জৰিয়তে কবিয়ে নিসংগতা জীৱনৰ কথা কৈছে।

Write Your Answer