Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ব্যাখ্যা কৰাঃ

(ক) হিংসা-দ্বেষৰ, ভেদাভেদৰ,

ঘৃণা-ঘৃণি স্বাৰ্থ ভেমৰ

কত যে কি মলি-মামৰ

ভৰি জাতিৰ জীৱন যায়।

উক্ত কবিতাফাকি আমাৰ পাঠ্য়পুথিৰ অন্তৰ্গত কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ দ্বাৰা ৰচিত "ধৰ ঝাড়ু ধৰ ভাই" কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

দেশৰ মানুহৰ মাজত হোৱা স্বাৰ্থৰ সংঘাতৰ কথা কোৱাৰ প্ৰসংগত উক্তফাকি লিখা হৈছে।

ভাৰতবৰ্ষ তথা অসমত বহু বছৰ ধৰি ইংৰাজসকলে ৰাজত্ব কৰি আহিছিল আৰু দেশখন শাসন কৰিছিল। সেই সময়ত অসম তথা ভাৰতবৰ্ষৰ নিজস্ব ঐতিহ্য়, গৰিমা, কালৰ বুকুত হেৰুওৱাৰ উপক্ৰম হৈছিল। জাতিৰ অস্তিত্ব বিপন্ন হৈ পৰিছিল। তথাপি দেশৰ মানুহৰ জাতীয় চেতনা জাগ্ৰত হোৱা নাছিল। ইংৰাজৰ ভয়ত বহুতে তেওঁলোকৰ তলত গোমালিহে কৰিছিল। ব্য়ক্তিগত লাভৰ বাবে এজন মানুহে আন এজন মানুহক হিংসা কৰিছিল। সেই সময়ত দেশৰ মানুহৰ মাজত হিংসা, ভেদা-ভেদ, ঘৃণা-ঘৃণিৰ ভাৱ উপচি পৰিছিল। দেশৰ জাতি ধ্বংসৰ পঠলৈহে গৈ আছিল। সমাজত পৰস্পৰ মাজত থকা ভেদাভেদ, হিংসা, খিয়লা-খিয়লি আদিবোৰ হৈছে মলি স্বৰূপ। এই মলিবোৰ সমাজত বেছি হৈ যোৱা ফলত এটা জাতিৰ জীৱন যায় বুলি কবিয়ে কৈছে। সেয়ে এই সকলোবোৰ দূৰ কৰি জাতিটোক উদ্ধাৰ কৰিবলৈ বীৰ বেশেৰে ওলাই আহিবলৈ কবিয়ে সকলােকে আহ্বান জনাইছে।

Write Your Answer