ঘ) মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ
কিঞ্চিতো যদি দিব পাৰোঁ
আকাশ, ধুমুহা আৰু বজ্ৰক
তাৰ বাবে প্ৰণিপাত কৰোঁ।
উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড° ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত 'প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক ' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিতাফাঁকিত মানৱতাৰ সুৰ পৰিলক্ষিত হৈছে।
ধুমুহাৰ দৰে প্ৰচণ্ড শক্তি লাভ কৰি সমাজৰ উত্তৰণত সেই শক্তি প্ৰয়োগ কৰিবলৈ কবি আগ্ৰহী। বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কন্ঠৰে মানৱতাৰ জয়গান গাবলৈ কবিয়ে ইচ্ছা প্ৰকাশ কৰিছে। আকাশৰ বিশালতাই যেন কবিক সোঁৱৰাই দিছে- সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতাৰ কথা। মুমূৰ্ষু মানৱক মানৱতা বোধৰে পুনৰ সঞ্জীৱিত কৰাটোয়েই কবিৰ অভিপ্ৰায়।