খ) সেয়েহে আকাশ তুমি যদি দিব খুজিছাই
সংকীৰ্ণতা এৰি দিয়া
অৱদান-ৰূপে তোমাৰ পূৰ্ণ বিশালতা
দিয়া যদি আজিয়েই দিয়া।
উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড° ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত "প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক" নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিতাফাঁকিৰ জৰিয়তে আকাশৰ দৰে উদাৰ আৰু বিশাল মানৱতা বোধৰ কথা কোৱা হৈছে।
কবিয়ে প্ৰকৃতিৰ উপাদানবোৰৰ পৰা শক্তি আৰু প্ৰেৰণা আহৰণ কৰিছে। আকাশৰ বিশালতাই কবিক যেন সোঁৱৰাই দিছে- সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতাৰ কথা। সেয়েহে কবিয়ে নিজৰ মনটোও আকাশৰ দৰে বিশাল আৰু উদাৰ হোৱাটো কামনা কৰিছে।