Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ব্যাখ্যা কৰাঃ

(খ) ধৰ ঝাড়ু ধৰ ভাই।

আৰু চাবৰ সময় নাই

চাই থাকোঁতে মুখত কেৱল

ভৰিল কাজল-ছাই।

উক্ত কবিতাফাকি আমাৰ পাঠ্য়পুথিৰ অন্তৰ্গত কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ দ্বাৰা ৰচিত "ধৰ ঝাড়ু ধৰ ভাই" কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

পৰাধীনতাৰ কৱলত পৰি হিংসা, ভেদাভেদ আদিৰ মলি-মামৰে ভৰি পৰা দেশখনক উদ্ধাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাবলৈ গৈ কবিয়ে কবিতাটিৰ আৰম্ভণিতে এনেদৰে উল্লেখ কৰিছে।

যেতিয়া ব্ৰিটিছসকলে আমাৰ ওপৰত অত্যাচাৰ কৰিবলৈ লৈছিল, আমাৰ সমাজ পৰাধীন হৈ থাকিব লগীয়া হৈছিল। সেই সময়ত আমাৰ দেশখন কলীয়া ডাৱৰে আৱৰি ধৰিছিল। তেতিয়া কবিয়ে আমাৰ মাজত থকা ভেদাভেদৰ ভাৱ আঁতৰাই সকলোকে একগোট হৈ দেশ স্বাধীন কৰিবলৈ ওলায় আহিবলৈ আহ্বান জনাইছিল।

Write Your Answer