Add Book Write Article
Cancel

'বিয়াৰ প্ৰেজেণ্ট’ গল্পটোত মানৱবোধৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা৷

By uf9b861367c on 2 weeks ago
April 4, 2025, 10:12 a.m.

আনৰ দুখত দুখী হৈ সহায়ৰ হাত আগবঢ়োৱাটোৱে হ’ল প্ৰকৃত মানৱতাবোধ ৷ 'বিয়াৰ প্ৰেজেণ্ট’ গল্পটোত এই মানৱতাবোধ সুন্দৰভাৱে প্ৰকাশ পাইছে ৷ নাজিয়াই সম্পৰ্কীয় মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল আৰু বিয়া ঘৰলৈ বুলি ৰিক্সা এখন ল’ব ওলাওঁতেই কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পালে ৷ তেওঁৰ সৰু জীয়েকৰ অসুখ আৰু অপাৰেচনৰ বাবে হস্পিতালত আছে আৰু তেজৰ প্ৰয়োজন হোৱাত টকাৰ অসুবিধা হোৱা হেতুকে গাঁৱলৈ টকাৰ যোগাৰৰ বাবে যাবলৈ বাছ আস্থানলৈ যাওঁতে নাজিয়াই লগ পালে ৷ নাজিয়াই কনকেশ্বৰ বৰুৱাৰ মুখত সকলো কথা শুনি বিয়ালৈ নগৈ হস্পিতাললৈ গ’ল ৷ টকা এশ ঠাকুৰৰ হাতত দি অপাৰেচনৰ দিহা কৰিবলৈ দিলে ৷ যথাসময়ত বিনীতাৰ অপাৰেচন ততাতৈয়াকৈ হৈ গ’ল ৷