কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ 'বিশ্বখনিকৰ’ কবিতাটি এটি আধ্যাত্মিক দর্শনৰ কবিতা। এই দৰ্শনৰ মূল হিচাপে বেদ-বেদান্তৰ ঘাই কথা ‘ব্ৰহ্ম সত্য জগত মিথ্যা’ এই তত্ত্বটো কবিতাটিত প্ৰতিফলিত কৰিছে ৷ এই তত্ত্বমতে এই ব্ৰহ্মাণ্ডত পৰমেশ্বৰৰ বাদে একো নাই। তেওঁ জগতৰ প্রতিটো অণু-পৰমাণু, প্ৰতিটো জীৱৰ মাজত, প্রকৃতি আদি জড় জগতৰ মাজত বিয়াপি আছে। সত্বঃ ৰজঃ তমঃ- এই তিনিটা গুণতে অর্থাৎ শক্তিতে জগতৰ স্থিতি আৰু লয়। পৰমেশ্বৰ এই তিনিটা গুণৰ অধিকাৰী হৈও নির্গুণ । সকলো কাৰ্য আৰু কাৰণৰ মূল তেৱেঁই। তেৱেঁই খনিকৰ ৰূপে সমগ্র বিশ্বকে তিল তিলকৈ গঢ়ি তুলিছে। তেওঁক যদিও কোনেও দেখা নাপাই তথাপি তেৱেঁই অন্তর্য্যামী, সর্বজ্ঞানী, বিশ্বৰ প্রাণ, আত্মা, সর্বত্রতে বিয়পি থকা সর্বশক্তিমান। এনেদৰে কবিয়ে 'বিশ্বখনিকৰ' কবিতাটিত ভাৰতীয় আধ্যাত্মিক দর্শনৰ এক চমু আভাস প্ৰকাশ কৰিছে।