বিশ্বখনিকৰ কবিতাটোৰ মাজেৰে কবিয়ে এক গভীৰ আধ্যাত্মিক তথা দার্শনিক ভাব প্রকাশ কৰিছে। এই দর্শনৰ মূল হ'ল বেদান্ত। বেদান্তৰ ঘাই কথা হ’ল 'ব্রহ্ম সত্য জগত মিথ্যা'। এই দর্শনৰ মাজেৰে এইটোকে তুলি ধৰা হৈছে যে এই জগতত দৃশ্য অদৃশ্য সকলো সম্পদ, জোন-বেলি, গ্রহ-তৰা, আৰু মানুহৰ অথবা জীৱ-জন্তু, গছ-লতা, পশু-পক্ষী সকলোৰে মাজত থকা সকলো গুণৰ অধিকাৰী ঈশ্বৰ। ব্ৰহ্মাই সৃষ্টি কৰা বিশ্বজগতখনৰ মহিমা অপাৰ। জীৱজগত তথা জড় জগতত তেওঁৰেই যাদুকৰী হাতৰ স্পৰ্শ দেখা যায় । তেওঁ সৃষ্টি কৰিছে বাবে তেওঁৱেই বিশ্বখনিকৰ স্বৰূপত ব্ৰহ্ম নিৰ্গুণ, নিৰাকাৰ, সৎ, অন্তযামী, সৰ্বব্যাপী বিশ্বপ্ৰাণ, বিশ্বআত্মা স্বৰূপ ।সত্ত্বঃ ৰজঃ তমো এই ত্ৰিগুণ সৃষ্টি কৰি জগতখন তেওঁৱে ধৰি ৰাখিছে । অথচ সকলো গুণৰ উৰ্দ্ধত থকা পৰমেশ্বৰক আমি দেখা নাপাও। কাৰণ তেওঁ নিৰ্গুণ। কবিয়ে বেদান্তৰ এই ভাবটোকে কবিতাটোৰ মাজেৰে প্রতিফলিত কৰিছে ।