'বিশ্বখনিকৰ’ আধ্যাত্মিক তথা দাৰ্শনিক ভাবধাৰাৰ কবিতা।যদিও চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই, তথাপি ত্ৰিলোকৰ সৃষ্টি, স্থিতিৰ লগতে এক পৰম সত্তাৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি। সেই পৰম সত্তাই সকলোকে এক আত্মীয়তাৰ জৰীৰে বান্ধি ৰাখিছে। সেই পৰম সত্তাই সকলোৰে পালন কৰোঁতা, সকলোৰে জন্মদাতা।তেওঁৰ মহিমাৰ কথা কৈ অন্ত কৰিব নোৱাৰি। তেওঁ সকলোতে ব্যাপ্ত, অথচ তেওঁক দেখা পোৱা নাযায়। কাৰণ তেওঁ ওৰণিৰে মুখ ঢাকি ওচৰতে থাকে। মায়াই পৰমেশ্বৰ আৰু পাৰ্থিৱ জগতখনৰ মাজত এখন আৱৰণৰ সৃষ্টি কৰিছে । এই ভেদ আঁতৰাবলৈ আমাৰ জ্ঞানৰ প্ৰয়োজন হয়। জীৱৰ সেই জ্ঞান বা বোধ জন্ম হ'লেই এই ওৰণি আঁতৰি যায় আৰু পৰমেশ্বৰৰ মহিমা উপলদ্ধি কৰিব পৰা ক্ষমতা অৰ্জন হয়। সত্ত্বঃ, ৰজঃ, আৰু তমো এই তিনিও গুণ তেওঁতেই বিৰাজমান যদিও তেওঁ নিৰ্গুণ। তেৱেঁই মৰমৰ বৰষাৰে কুঁহি গজালিক সাৰ পানী দি এজোপা বিশাল গছ কৰি তোলে। তেওঁৰ কৃপাতেই এমাডিমা সন্তানবোৰ ডেকা তেজেৰে পাহোৱাল হৈ উঠে। সেয়ে কবিয়ে কৈছে যে তেৱেঁই অন্তযাৰ্মী সৰ্বজ্ঞানী, বিশ্বৰ প্ৰাণ, তেওঁ সৰ্বত্ৰতে বিয়পি থকা সৰ্ব শক্তিমান ।