Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া।

বুশ্বেৰ হৈছে পাৰস্য় উপসাগৰৰ পাৰত অৱস্থিত ইৰাণৰ ইখন সৰু চহৰ। পাৰস্য় উপসাগৰৰ পাৰত অৱস্থিত বুশ্বেৰ হৈছে এখনি বন্দৰ নগৰী। বুশ্বেৰ এখন সৰু চহৰ হ'লেও ইয়াৰ ৰাস্তা-ঘাটবোৰ অতি সু-পৰিকল্পিত আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন। চহৰৰ ৰাস্তাবোৰ চাৰি শাখাযুক্ত আৰু মাজত ডিভাইডাৰ থকা। এই ডিভাইডাৰসমূহ যথেষ্ট চাফা। চহৰৰ প্ৰতিটো ঘৰ সুৰক্ষিতভাৱে ওখ ওখ দেৱালেৰে আৱৰা আৰু আৱাসিক অঞ্চলৰ ঘৰসমূহ দুই বা তিনিমহলীয়া। এই চহৰখন খেজুৰৰ বাবে বিখ্য়াত। বুশ্বেৰ ইৰাণৰ এটা সামৰিক ঘাটি য’ত এটা নিউক্লীয় ৰিয়েক্টৰ আছে। বুশ্বেৰৰ তাপমাত্ৰা চল্লিছ ডিগ্ৰী ছেন্টিগ্ৰেডৰ ওপৰত থাকে। এই চহৰখনৰ মহিলাসকলে আধুনিক সাজ-পোছাক পৰিধান কৰে। সকলো মহিলাই তাত বোৰ্খা পৰিধান নকৰে। বুশ্বেৰত এটা অতি গুৰুত্বপূৰ্ণ বিমানবন্দৰ আছে আৰু এই বিমানবন্দৰটো ইৰাণৰ এটা সামৰিক ঘাটি।

Write Your Answer