বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা সম্পৰ্কে কবিয়ে কৈছে যে, ভগৱানৰ নাম শ্ৰৱণ বা স্মৰণ কৰা মাত্ৰেই সকলোবোৰ দুখ-কষ্ট মোচন হয় ৷ তেওঁৰ নাম উচ্চাৰণে জগতক বিপদৰ পৰা উদ্ধাৰ কৰি ভক্তৰ মনোকামনা পূৰ্ণ কৰে ৷