Add Book Write Article
Cancel

বৰগীতটিৰ ভাৱ-ভাষাৰ সৌন্দৰ্য সম্পৰ্কে আলোচনা কৰা৷

By uf9b861367c on 2 weeks ago
April 4, 2025, 10:30 a.m.

সাধাৰণতে কবিতা এটাৰ ভাৱ, ভাষা, ছন্দ, অলংকাৰ, ব্যঞ্জনা আদিৰ মাজেৰে কাব্যিক সৌন্দৰ্য প্ৰকাশিত হয় ৷ শ্ৰীমন্ত শঙ্কৰদেৱ ৰচিত ' জয় জয় যাদৱ জলনিধিজা' বৰগীতটি এটা বেদ-উপনিষদৰ মৰ্মাৰ্থপূৰ্ণ ভক্তিমূলক গীত৷গীতটো আশোৱাৰী ৰাগত বন্ধা ৷ বিষয়বস্তুৰ মহত্ত্ব, সুৰৰ গাম্ভীৰ্য, ভক্তি ভাৱৰ প্ৰকাশ আদি বৈশিষ্ট্যই কবিতাটিক অনন্য সৌষ্ঠৱ দান কৰিছে ৷ বৰগীতটিত ব্যৱহৃত ভাষা হৈছে ব্ৰজাৱলী ৷ কিন্তু শ্ৰীমন্ত শঙ্কৰদেৱৰ সংস্কৃত ভাষাত থকা গভীৰ দখলে বৰগীতটিৰ সৌন্দৰ্য দুগুণ চৰাইছে ৷ অলংকাৰ প্ৰয়োগেও বৰগীতটোক বিশেষ মাত্ৰ প্ৰদান কৰিছে ৷ যেনে- 'জগত বন্ধুবিধু মাধৱ মধুৰিপু মধুৰ মূৰুতি মুৰনাশী' ৷ তেনেদৰে কবিয়ে বৰগীতটোত শৰতৰ জোনৰ লগত তুলনা কৰি শ্ৰীকৃষ্ণৰ সৌন্দৰ্য মাধুৰী অধিক সুন্দৰ ৰূপত তুলি ধৰিছে ৷