Add Book Write Article
Cancel

বৰগীতটোৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা ৷

By uf9b861367c on 2 weeks ago
April 4, 2025, 10:29 a.m.

বৰগীতটোৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপ প্ৰকাশিত হৈছে ৷ বৰগীতটিত উল্লেখ কৰা অনুসৰি ভগৱান শ্ৰীকৃষ্ণ 'শ্ৰুতমাত্ৰাখিলত্ৰাতা' ৷ অৰ্থাৎ স্মৰণ আৰু শ্ৰৱণ কৰা মাত্ৰকে তেওঁ পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰে ৷ প্ৰলয় জলৰপৰা মৎস্য অৱতাৰ ধাৰণ কৰি বেদসমূহক উদ্ধাৰ কৰিছিল ৷ কেশী, মধু, মুৰ আদি অপৰাজেয় অসুৰে নানা অত্যাচাৰেৰে যেতিয়া জগতবাসীৰ শান্তি ভংগ কৰিছিল, তেতিয়াই তেনে অসুৰক বধ কৰি জগতত শান্তি প্ৰতিষ্ঠা কৰিছিল ৷ শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলোৱা সেই মংগলময় মূৰুতি শ্ৰীকৃষ্ণৰ চৰণত কবিয়ে প্ৰণিপাত জনাইছে ৷