মহাপুৰুষ মাধৱদেৱৰ বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ অতি সুন্দৰ ভাৱে প্ৰকাশিত হৈছে। মাতৃ যশোদাই কিদৰে পুত্ৰক মৰমৰে টোপনিৰ পৰা জগাইছে সেই কথা সৰল আৰু সুন্দৰ ৰূপত পৰিস্ফুট হৈছে। ৰাতিপুৱা হোৱাৰ পিছতো কৃষ্ণ টোপনিৰ পৰা নুঠাত যশোদাই বাপু, কমল-নয়ন, প্রাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা জগাইছে। 'সব পুৰুষৰ শিৰৰ ভূষণ 'বুলি অৰ্থাৎ সকলো পুৰুষৰৰ শিৰৰ ভূষণ, সকলোৰে আৰাধ্য কৃষ্ণক বুকুত বান্ধি, কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে। লগতে বৰগীতটিত কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশ কৰিছে। সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে কেৱল পৰম ভক্তিৰ ফলত। ইয়াৰ মাধ্যমেৰে, কবিয়ে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান, যে ভক্তৰ অধীন সেইকথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে। এনেদৰে মাতৃ যশোদাই ত্রিজগতৰ পতি শ্রী কৃষ্ণক মাতৃস্নেহেৰে আকোৱালী ৰাখিছে।