মহাপুৰুষ মাধৱদেৱ বিৰচিত 'উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটিৰ মাজেৰে শ্ৰী কৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক এই দুই ৰূপ সুন্দৰভাৱে প্ৰকাশ পাইছে। ত্ৰিজগতৰ পতি শ্ৰী কৃষ্ণই জন্ম লৈছে গকুলৰ নন্দ যশোদাৰ ঘৰত। সাধাৰণ শিশুৰ দৰেই কৃষ্ণই শিশুকালৰ নানান ক্ৰিয়া কলাপৰ মাজেৰে ডাঙৰ-দীঘল হৈছে নন্দ যশোদাৰ ঘৰত। আৰু যশোদায়ো কৃষ্ণক সাধাৰণ শিশুৰ দৰে মৰমত বাপু,কমল-নয়ন, প্ৰাণধন বুলি সম্বোধন কৰিছে , কোলাত লৈ চুমা খাইছে। এই কার্য সমূহৰ পৰা শ্ৰী কৃষ্ণৰ মানৱীয় ৰূপ পৰিস্ফুট হৈছে। বৰগীতটিত মাতৃ যশোদা আৰু পুত্ৰ শ্ৰী কৃষ্ণৰ সম্পৰ্কৰ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশ কৰিছে। সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে কেৱল পৰম ভক্তিৰ ফলত। ইয়াৰ মাধ্যমেৰে, কবিয়ে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেইকথা স্পষ্ট ৰূপত প্ৰকাশ কৰিছে।