বৰগীত সমূহত বেদ- উপনিষদৰ মৰ্মাৰ্থ, বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্ত হৃদয়ৰ আকুল প্ৰাৰ্থনা সাংগীতিক ভাষাৰে বৰ্ণনা কৰা হয়। মাধৱদেৱ বিৰচিত 'উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটিতো ভক্ত হৃদয়ৰ আকুল প্ৰাৰ্থনা, ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হৈছে। বৰগীতটিত মাধৱদেৱে মাতৃ পুত্রৰ মধুৰ সম্পর্কৰ ৰূপ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথা প্রকাশ কৰিছে। সিদ্ধমুনি, ঋষি সকলে বহু ধ্যান আৰু বহু সাধনাৰ পাছতো ভগবান কৃষ্ণক বিচাৰি নাপায়। সেইজনাকে যশোদাই পুত্র ৰূপে লাভ কৰিছে কেৱল তেওঁৰ একান্ত ভক্তিৰ ফলত। ইয়াৰ জৰিয়তে ভগবান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে।