প্রকৃততে ত্যাগ বা বৈৰাগ্য হৈছে এক বিশেষ মনোধর্ম। সকলো থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাই হৈছে ত্যাগ। পালেও নিৰাসক্ত হৈ থকাতহে প্রকৃত বৈৰাগ্য। ভাৰতীয় আদর্শত বৈৰাগ্যৰ স্থান অতি উচ্চ। কিন্তু এই বৈৰাগ্য নোপোৱাৰ অসন্তোষত ওপজা বৈৰাগ্য নহয়। নিষ্কর্মাৰ জিৰণি কথাটো যেনেকৈ অর্থবান, নথকাৰ ত্যাগ আৰু লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্যও জীৱন-যুঁজত, পৰাজয় বৰণৰ তুল্য। আকাংক্ষিত বস্তু পোৱাৰ পাছতো তাৰ প্রতি নিৰাসক্ত হৈ থাকিব পৰা গুণটোকেই ভাৰতীয় আদর্শত বৈৰাগ্য বুলি কোৱা হয়।