"যি মূলা বাঢ়ে তাৰ দুপাততে চিন" অৰ্থাৎ মূলাশাক এজোপা দুপতীয়া হৈ থাকোতেই তাৰ ভাল বেয়া স্বৰূপ পৰিস্ফুট হৈ উঠে। তেতিয়াই গম পোৱা যায় যে পুলিটো বাঢ়িব নে লেৰেলি যাব।
ঠিক সেইদৰে, মানৱ জীৱনৰ ক্ষেত্ৰতো এই কথাষাৰ খাপ খায়। এজন লোকৰ সৰুকালতেই তেওঁৰ ভৱিষ্য়ত জীৱনটো প্ৰতিফলিত হয়। এই ক্ষেত্ৰত আমি উদাহৰণস্বৰূপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে ক'ব পাৰো তেখেতৰ বাল্য়কালতেই তেখেতৰ পণ্ডিত্য়পূৰ্ণ কবি প্ৰতিভাৰ উমান পোৱা গৈছিল।
সেয়েহে কোৱা হয় যে, যি মূলা বাঢ়ে তাৰ দুপাততে চিন।