Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল?

২৮ জুন ১৯১৪ চনত প্ৰথম বিশ্ব যুদ্ধৰ সূচনা হৈছিল। এই যুদ্ধত বিশ্বৰ দেশসমূহ দুটা ফৈদত বিভক্ত হৈ এই যুদ্ধত অংশ গ্ৰহণ কৰিছিল। তাৰে এটা পক্ষত আছিল মিত্ৰ শক্তি য'ত অংশগ্ৰহণকাৰী দেশবোৰ আছিল ব্ৰিটেইন, ফ্ৰান্স, ৰুচিয়া, জাপান আৰু আনটো পক্ষ আছিল কেন্দ্ৰীয় শক্তি 一জাৰ্মানী, অষ্ট্ৰীয়া, হাংগেৰী, ইটালী, বুলগেৰিয়া আৰু অটোমান সাম্ৰাজ্য।অটোমান সম্ৰাজ্য হ'ল তুৰ্কীসকলে নেতৃত্ব দিয়া কিছুমান ইছলামিক ৰাষ্ট্ৰৰ (ইৰাক, ইজিপ্ত, লেবেনান, পেলেষ্টাইন ইত্যাদি) গোট। ১২৯৯ খ্ৰীষ্টাব্দত আৰম্ভ হোৱা এই সাম্ৰাজ্য ১৪শ, ১৫শ আৰু ১৬শ শতিকাত প্ৰৱল প্ৰতাপী হৈ উঠিছিল। অটোমান সাম্ৰাজ্যৰ অধীনত ইছলাম ধৰ্মালম্বী লোকৰ কেইবাখনো প্ৰবিত্ৰ স্থান অন্তৰ্ভুক্ত হৈ আছিল। খালিফে ইয়াৰ নেতৃত্ব বহন কৰিছিল। প্ৰথম বিশ্বযুদ্ধত কেন্দ্ৰীয় শক্তি পৰাজিত হোৱাৰ পিছত মিত্ৰ শক্তিৰ লগত শান্তি চুক্তি স্বাক্ষৰ কৰিবলগীয়া হয়। শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পাছত মিত্ৰ শক্তিৰ অধীনত থকা অটোমান সাম্ৰাজ্যৰ ৰাষ্ট্ৰবোৰ ভাগ ভাগ হৈ পৰে আৰু ইছলাম ধৰ্মৰ নেতা খালিফৰ স্থিতি ক্ৰমাৎ দুৰ্বল হৈ পৰে। সেই সময়ত গোটেই বিশ্বৰ মুছলমানসকলে নিজৰ পবিত্ৰ স্থানসমূহৰ নিৰাপত্তা আশা কৰি খিলাফৎ আন্দোলন গঢ়ি তুলিছিল। মৌলানা মহম্মদ আলি আৰু মৌলানা চৌকত আলিয়ে ১৯১৯ চনত "সদৌ ভাৰত মুছলিম সমাবৰ্তন আহ্বান" কৰি ভাৰতবৰ্ষৰ ইছলাম ধৰ্মৰ লোকসকলক এই আন্দোলনত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰে। পৰৱৰ্তী সময়ত মহাত্মা গান্ধীকে ধৰি দেশৰ ইছলাম ধৰ্মালম্বী লোকে এই আন্দোলনলৈ সমৰ্থন আগবঢ়ায়।

Write Your Answer