ভাৰতবৰ্ষৰ শিক্ষানুষ্ঠান সমূহলৈ বিভিন্ন শ্ৰেণীৰ ল’ৰা-ছোৱালী শিক্ষা আহৰণ কৰিবলৈ আহে ৷ বিভিন্ন আৰ্থ-সামাজিক আৰু সামাজিক পৰিৱেশৰ পৰা অহা ল’ৰা-ছোৱালীবোৰে আয়ত্ত কৰি অহা মূল্যবোধবোৰ ভিন্ন ভিন্ন ৷ আনহাতে বৰ্তমান বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ বিকাশ তথা পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত নতুন পুৰুষৰ মাজত মূল্যবোধৰ খেলিমেলি হোৱা পৰিলক্ষিত হৈছে ৷ তেনে ক্ষেত্ৰত মূল্যবোধ শিক্ষা প্ৰদান কৰাটো ভাৰতবৰ্ষৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান বুলি ভবা হৈছে ৷