Add Book Write Article
Cancel

‘ভাৰতীয় আদর্শত বৈৰাগ্য’ পাঠটিৰ মূল কথাখিনি তোমাৰ ভাষাত চমুকৈ লিখা।

By uf9b861367c on 2 weeks ago
April 4, 2025, 1:20 p.m.

ভাৰতবৰ্ষ এখন আদর্শ দেশ।ভাৰতীয় আদর্শৰ বিভিন্ন দিশৰ ক্ষেত্ৰত ত্যাগে প্ৰধান ভূমিকা গ্ৰহণ কৰিছে। তাৰ লগে লগে বৈৰাগ্য অর্থাৎ বিষয়ৰ ইন্দ্ৰিয় ভোগৰ প্ৰতি অনাসক্তি ভাৰতীয় আদর্শৰে অন্য এক ধাৰা। জীৱনত কর্ম সাধন কৰাটোৱে মানুহৰ অন্যতম ধর্ম।কাম কৰিও নিৰাসক্ত ভাৱে থাকি মানুহে জীৱনৰ প্ৰকৃত সত্য উদ্‌ঘাটন কৰিব পাৰে। ইয়ে ভাৰতীয় আদর্শৰ বৈৰাগ্য। ভাৰতীয় আদর্শত বৈৰাগ্য পাঠটিত স্ব-উপার্জিত ধন, সম্পদ কেনেকৈ সমানে বিতৰণ কৰিব, ভোগ কৰিব আৰু কি ভাৱে বিতৰণ তথা দান কৰিব লাগে সেই কথা উল্লেখ কৰিছে।
বিভিন্ন দেশৰ বিভিন্ন জাতিৰ জীৱন-যাপনৰ পৃথক পৃথক প্ৰণালী আছে। ভাৰতীয় সভ্যতা সংস্কৃতিত এক আদর্শ নিহিত হৈ আছে আৰু এই আদর্শ গঢ়ি উঠিছে বেদক কেন্দ্ৰ কৰি। বেদ হৈছে ভাৰতৰ অতি প্রাচীন গ্রন্থ। বেদ চাৰিখন যেনে- ঋক্ বেদ, যজুঃবেদ, সামবেদ আৰু অথর্ববেদ। এই বেদবোৰ অকল ধর্ম শাস্ত্ৰই নহয়, এইবোৰ হৈছে এক উচ্চস্তৰৰ জীৱন যাপনৰ সুস্পষ্ট নির্দেশনা। ভাৰতীয় আদর্শত ব্যক্তি এজনৰ জীৱন কালছোৱাক চাৰিটা স্তৰত ভাগ কৰা হৈছে। এই চাৰিটা স্তৰকে চাৰি আশ্ৰম বুলি কোৱা হৈছে। এই চাৰি আশ্ৰম হৈছে – ব্রহ্মচার্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস।ব্ৰহ্মচৰ্য সময়ছোৱা হৈছে জ্ঞান আহৰণৰ সময়, য'ত গুৰুয়ে শিষ্য সকলক বেদৰ মন্ত্ৰ, প্ৰাৰ্থনা, উপনিষদৰ আধ্যাত্মিক স্তৰ সমূহ, কৰ্ম কৰাৰ কৌশল আদিৰ উপদেশ প্ৰদান কৰে। গাৰ্হস্থই গৃহস্থী জীৱনৰ কৰ্তব্য সমূহৰ কথা ব্যক্ত কৰে। ভাৰতীয় আদৰ্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰি উঠাৰ পিছতহে বানপ্ৰস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে। লগতে গাৰ্হস্থ্য জীৱনত প্ৰবেশ কৰিবলৈ লোৱা বিদ্যার্থীক গুৰুৱে 'সত্য' আৰু 'ধর্ম 'এই দুটা আচৰণ সদায় মানি চলিব,সততাৰে ধন উপার্জন কৰিব,পিতৃ-মাতৃ আৰু গুৰুজনক মান্য কৰি চলিব ,ধন-ঐশ্বর্য উপার্জন কৰি তাক সমভাৱে বিতৰণ কৰি সংযতভাৱে ভোগ কৰিবলৈ উপদেশ দিছে।

ব্যক্তিৰ দ্বায়িত্বৰ পৰিধি ক্ৰমাৎ আপোনাৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ এই তিনিটা কথা সোঁৱৰাই দিছে-'মাতৃ দেৱো ভৱ' 'আচার্য দেৱো ভৱ' আৰু 'অতিথি দেৱো ভৱ'। এই ‘অতিথি দেবো ভৱ’ই অতিথিৰ প্রতি সেৱা অর্থাৎ সমাজৰ প্ৰতি পালন কৰিবলগীয়া মানুহৰ দায়িত্বৰ কথা সূচাই। সেয়ে সংসাৰত প্ৰৱেশ কৰিব খোজা যুৱকে বুজা উচিত যে তেওঁ নিজৰ আৰু পৰিয়ালৰ বাবে ধন সম্পদ অর্জন কৰাৰ উপদেশ পাইছে আৰু আচার্য অতিথিয়ে প্ৰতিনিধিত্ব কৰা সমাজখনৰ বাবেও তেওঁৰ আর্জন অর্পিত কৰিব লাগে। শেষত কোৱা হৈছে যে কামৰ বাহিৰে আন কোনো উপায় নাই।নিৰাসক্ত হৈ কর্মময় জীৱন যাপন কৰাই হৈছে ভাৰতীয় আদর্শত এক সমৃদ্ধিময় জীৱন।