ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো প্ৰথমে পোষণ কৰিছিল মালয় ব্ৰিটিছ সেনা বাহিনীত চাকৰি কৰি পিছত জাপানী সৈন্যৰ হাতত আত্মসমৰ্পণ কৰা ভাৰতীয় সেনা বিষয়া কেপ্টেইন মোহন সিঙে। ১৯৪২ চনত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅ'ত ভাৰতীয় স্বতন্ত্ৰ লীগ গঠন কৰা হৈছিল। ইয়াৰ ঠিক পিছতে বেংকত বহা অধিৱেশনত লীগৰ সভাপতি হিচাপে বিদেশবাসী জাতীয়তাবাদী নেতা ৰাসবিহাৰী বসুক নিৰ্বাচিত কৰাৰ লগতে ভাৰতীয় জাতীয় সেনাক পুনৰ গঠনৰ সিদ্ধান্ত লোৱা হয়। জাপানত অনুস্থিত লীগৰ এখন বৈঠকত সুভাষ চন্দ্ৰ বসুক ভাৰতীয় জাতীয় সেনাৰ মুৰব্বীৰ দায়িত্ব প্ৰদান কৰা হয়।
১৯৪৩ চনৰ অক্টোবৰত, তেওঁ ছিংগাপুৰত স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ (আজাদ হিন্দ চৰকাৰ) গঠন কৰি ব্ৰিটিছ মুক্ত ভাৰত গঠনৰ সিদ্ধান্ত লয়। ভাৰতীয় জাতীয় সেনা বাহিনীক পুনৰ গঠন কৰা হয়। যুদ্ধ বন্দীৰ লগতে সাধাৰণ মানুহকো সৈন্যবাহিনীত অন্তৰ্ভুক্তিৰ বাবে ব্যৱস্থা কৰা হয়। যুদ্ধৰ বাবে আৱশ্যকীয় পুজি গঠনৰ ব্যৱস্থা হাতত লয়। "ঝান্সি ৰাণী ৰেজিমেন্ট" নামৰ মহিলাৰ বাহিনী এটাও গঠন কৰা হয়।
ভাৰতীয় জাতীয়সেনাৰ মূল শ্লোগান আছিল "জয় হিন্দ"। ব্ৰিটিছ আৰু সহযোগী সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনা বাহিনীয়ে জাপানৰ লগলাগি ব্ৰহ্মদেশ, ইম্ফল আৰু কহিমাত যুদ্ধ জয় কৰিছিল। বসুৰ বিখ্যাত "মোক তেজ দিয়া আৰু মই তোমাক স্বাধীনতা দিম" উক্তিয়ে সৈন্যসকলক অনুপ্ৰাণিত কৰিছিল। কিন্তু বিশ্বযুদ্ধত জাপানৰ পৰাজয় আৰু আত্মসমৰ্পণে ভাৰতীয় জাতীয় সৈন্যবাহিনীকো আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে।