জানিব খোজাৰ নতুন ঠিকনা
"ভাৰতীয় সংস্কৃতি" পাঠটোত কোৱা হৈছে যে - "ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতি"। ইয়াৰ অৰ্থ হ'ল ভাৰতীয় সংস্কৃতি এক বিশাল সংমিশ্ৰিত সংস্কৃতি। ভাৰতীয় বৈষ্ণৱ ভক্তিবাদ, উপনিষদৰ দৰ্শনৰ লগত ইছলামৰ চুফীবাদৰ যথেষ্ট মিল থকা দেখা গৈছে। এক ঈশ্বৰবাদ, মানৱ প্ৰেম, সংযম, উদাৰতা আদি কথাবোৰেই আছিল ভক্তিবাদ আৰু চুফীবাদৰ মূল কথা। ভাস্কৰ্য্য় কলাৰ ক্ষেত্ৰতো ভাৰতীয় সংস্কৃতিত ইছলামিক সকলৰ যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। উত্তৰ ভাৰতৰ মঠ- মন্দিৰ আদিত বক্ৰ আৰু বৃত্ত ৰেখা অংকন কৰা হৈছিল। ইয়াৰ মূলতে আছিল ইছলামীয় প্ৰভাৱ। ইছলামীয় সকলে ভাস্কৰ্য্য় কলাই হিন্দু ভাস্কৰ্য্য় কলাক এক অতুলনীয় কাৰু-কাৰ্য প্ৰদান কৰিছিল। তাজমহল, ফটেহপুৰ চিক্ৰি, ইচ্মৎদৌল্লাৰ অসম্পূৰ্ণ ভাস্কৰ্যই ইয়াৰ এক সুন্দৰ নিদৰ্শন দিয়ে। ঠিক তেনেদৰে ইছলামীয় ভাস্কৰ্যৰ শৈলীত যি জটিলতা আছিল সেই সকলোবোৰ হিন্দু সংস্কৃতিৰ প্ৰভাৱত পৰি কিছু পৰিমাণে সৰল হৈ পৰিছিল। ভাৰতীয় চিত্ৰ কলাতো ইছলামিক চিত্ৰশৈলীৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। মোগল সম্ৰাট বাবৰৰ দিনতে চিত্ৰ শিল্পৰ নতুন ৰীতি ভাৰতত প্ৰৱেশ কৰিছিল। ইয়াৰে এটা নতুন ৰীতিৰ বৈশিষ্ট্য হ'ল- ব্যক্তিবাদ। অজন্তাৰ চিত্ৰশিল্পৰ এই নতুন ৰীতি আৰু ভাৰতীয় চিত্ৰশিল্পৰ সৰলতাৰ মাজত সংযোগ স্থাপন হোৱা দেখিবলৈ পোৱা গৈছিল। এইটো আছিল ইণ্ডোছাৰাচেনিক ৰীতি। ভাৰতীয় দৰ্শনত অতীন্দ্ৰিয়বাদৰ যি আত্মীয়তা দেখা যায় তাৰ মাজতো ইছলামিক প্ৰভাৱ পৰা বুলি ক'ব পাৰি। হিন্দু-মুছলমানৰ সংঘাতৰ ফলত সৃষ্টি হোৱা বিপ্লৱে পৰাজিত হিন্দুৰ মনত নৈৰাশ্যৰ ভাৱ সৃষ্টি কৰে। এই নৈৰাশ্যত ভাৱে হিন্দুসকলৰ মনত উদাসীনতাৰ সৃষ্টি কৰিছে। ফলত বাস্তৱ জগতৰ কথা পাহৰি হিন্দুৰ মতে আত্মাৰ জগতখনলৈ আগবাঢ়ি গৈছে। ইছলামীয় যুগতে ভাৰতত উৰ্দ্দু ভাষাৰ বিভিন্ন শব্দৰ প্ৰৱেশ হৈছিল। মুক্ত বাণীয়ে ইছলাম ধৰ্মৰ প্ৰচাৰ কৰি তুলিছিল। ওপৰৰ আলোচনাৰ পৰা ইয়াকে বুজা গ'ল যে - ভাৰতীয় সংস্কৃতিত ইছলামীয় সংস্কৃতিৰ সম্পৰ্ক এৰাব নোৱাৰা বিধৰ আছিল।