হেম বৰুৱাই ভাৰতীয় সংস্কৃতি পাঠটিৰ আৰম্ভণিতেই ভাৰতীয় সংস্কৃতিৰ স্বৰূপ সম্পৰ্কে কৈছে যে, "ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু"। ভাৰতীয় সংস্কৃতি সাগৰৰ দৰে গভীৰ আৰু বিশাল যদিও নদী-উপনদীৰ সোঁতে যিদৰে সাগৰক পৰিপুষ্টি দান কৰে, ঠিক তেনেদৰে ভাৰতীয় সংস্কৃতিয়েও বিভিন্ন জাতি-উপজাতিৰ ভাষা-সংস্কৃতিয়ে বিশালতা প্ৰদান কৰি আহিছে। আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়, গ্ৰীক, শক, হুন আদি বিভিন্ন জাতি-উপজাতিৰ প্ৰবাহমান সোঁতৰ সমন্বয়ত ভাৰতীয় সংস্কৃতিয়ে নিৰ্দিষ্ট ৰূপত আত্মপ্ৰকাশ কৰিছিল। ভাৰতীয় সংস্কৃতিলৈ যুগ যুগ ধৰি বিভিন্ন দেশী-বিদেশী সংস্কৃতিৰ সোঁত আহিছে। ইয়াৰ মূল কাৰণ হ'ল ভাৰতৰ ভৌগোলিক পৰিৱেশ। ভাৰতীয় বিশাল ভূমিখণ্ডৰ আহ্বানত যিদৰে বাহিৰৰ ন ন মানৱপুঞ্জত ভাৰতলৈ আহিছিল, তেনেদৰে ইয়াৰে প্ৰত্য়েকেই ব্যক্তিগত প্ৰতিভা অনুসৰি ভাৰতীয় সংস্কৃতিৰ বৰঙণি যোগাইছিল। বিভিন্ন দেৱ-দেৱীৰ পূজা সম্পৰ্কে যি প্ৰচলিত নিয়ম আছে, সেইবোৰ প্ৰায়ে দ্ৰাবিড় সকলৰ প্ৰভাৱত হোৱা বুলি ক'ব পাৰি। ইয়াৰ বাহিৰেও মৃতকক সৎকাৰ কৰা, লিংগ পূজা কৰা আদিও অনাৰ্য যুগৰ অৱদান আছিল। ভাৰতীয় ৰাজনীতি, সমাজনীতি, শিল্প, সাহিত্য, দৰ্শন, চিত্ৰকলা, ভাস্কৰ্য আদি যুগ যুগ ধৰি হোৱা বিনিময় আৰু আদান-প্ৰদানৰ মাজেৰে ভাৰতীয় সংস্কৃতি জীয়াই ৰখা হৈছিল। ওপৰৰ আলোচনাৰ পৰা ইয়াকে বুজা গ'ল যে, "ভাৰতীয় সংস্কৃতি হ'ল এক সংমিশ্ৰিত সংস্কৃতি।