ভাৰতৰ ধৰ্মীয় পৰম্পৰা অতি প্ৰাচীন ǀ এই পৰম্পৰাই নতুন নতুন বিশ্বাস, ৰীতি নীতিৰ ক্ষেত্ৰত সহবৰ্তিতা, সংযোজন আৰু সংমিশ্মণৰ ক্ষেত্ৰত এক উদাৰ নীতি গ্ৰহণ কৰি আহিছে ǀইয়াৰ লগতে স্বকীয় নীতিৰ সংস্কাৰ, সংশোধন, নতুন বাখ্যা আৰু বিৰোধৰ প্ৰতিও শ্ৰদ্ধাৰ ভাৱ ৰাখিছিল ǀ এনে দৃষ্টিভংগীৰ বাবেই ভাৰতত কেইবাটাও তত্বগতভাৱে পৰস্পৰ বিৰোধী দৰ্শন সবলৰূপত বিকশিত হৈছিল আৰু বেদৰ কেতবোৰ মূল তত্বৰ বিৰোধিতা কৰা সত্বেও খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত আত্মপ্ৰকাশ কৰা বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ সৈতে বৈদিক হিন্দুধৰ্মৰ কোনো সংঘাত হোৱা নাছিল ǀএকেটা কাৰণতেই হিন্দুধৰ্মৰ ভিতৰতেই অনেক পন্থাৰ উদ্ভৱ হৈছিল ǀ পৰবৰ্তী কালত বিভিন্ন ৰাজবংশই ধৰ্মীয় উদাৰতাৰ নীতিটো অনুসৰণ তথা পৃষ্ঠপোষকতা কৰা দেখা যায় ǀএই ক্ষেত্ৰত খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাতেই সম্ৰাট অশোকৰ গিৰ্ণাৰত থকা ১২ নং বৃহৎশিলালেখ খনত এটা টোকা উল্লেখ কৰা কৰিব পাৰি ǀ এই লিপিত কোৱা হৈছে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে প্ৰশংসা কৰি আনৰ ধৰ্মক হীন বুলিব নালাগে ǀ বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সম্বন্বয় ৰ বাট মুকলি কৰিব লাগে বুলি কৰা সম্ৰাট অশোকৰ এই ঘোষণাই ভাৰতীয় শাসকসকলৰ ধৰ্মীয় উদাৰতাৰ প্ৰাচীনতম সাক্ষী বহন কৰে ǀ পৰবৰ্তী সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তত উদ্ভৱ হোৱা খ্ৰীষ্টীয়ান, ইছলাম,জোৰষ্ট্ৰাৰ,ইহুদী আদি ধৰ্মৰো ভাৰতলৈ আগমন ঘটিছিল ǀ শাস্ত্ৰনিৰ্ভৰ ধৰ্মবোৰৰ উপৰি ভাৰতৰ চুকে কোণে বিভিন্ন বিশ্বাস তথা ৰীতি নীতিৰ ভিত্তিত সৃষ্টি হোৱা জনজাতীয় ধৰ্মবোৰো ভাৰতবৰ্ষত শান্তিপূৰ্ণ সহৱস্থান কৰি থকা দেখা যায় ǀ