Add Book Write Article
Cancel

"ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক’লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ’ব"— বাক্যশাৰীৰ ভাবাৰ্থ আলোচনা কৰা।

By u255f5c61b2 on 1 week ago
April 9, 2025, 10:23 a.m.

ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজি ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক’লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ’ব’- কথাষাৰ সত্য। বেদৰ সংহিতা, ব্ৰাহ্মণ, আৰণ্যক আদি উপনিষদসমূহ, ৰামায়ণ আৰু মহাভাৰতৰ দৰে মহাকাব্য, গীতা, পুৰাণ, বেদাংগসমূহ (জ্যোতিষ, ব্যাকৰণ, ছন্দ, নিৰুক্ত, কল্প আৰু শিক্ষা); ৰাজনীতি বিষয়ক গ্ৰন্থ; কৌটিল্যৰ অৰ্থশাস্ত্ৰ; চিকিৎসা বিষয়ক চৰক সংহিতা, সুশ্ৰুত সংহিতা; কালিদাস, শুদ্ৰক, বাণভট্ট আদি লিখকৰ বিশুদ্ধ সাহিত্যৰাজী ভাৰতীয় সাহিত্যৰ উজ্বল নিদৰ্শন ǀ কপিল, পতঞ্জলি, গৌতম, বাদৰায়ণ, কণাদ, জৈমিনি, ৰামানুজ, মাধবাচাৰ্য আদি দাৰ্শনিকৰ দৰ্শন গ্ৰন্থসমূহ; বুৰঞ্জীমুলক গ্ৰন্থ কলহনৰ ৰাজতৰংগিনী; আৰ্যভট্ট, বৰাহমিহিৰ, ব্ৰহ্মগুপ্ত, প্ৰথম আৰু দ্বিতীয় ভাস্কৰাচাৰ্য আৰু মহৰ্ষি ভৰদ্বাজ আদি বিজ্ঞানীৰ বিভিন্ন গ্ৰন্থ, দক্ষিণ ভাৰতৰ সংগম সাহিত্য আদি গ্ৰন্থৰাজিয়ে ভাৰতীয় লোকৰ সাহিত্যৰুচি আৰু জ্ঞান পিপাসাৰ পৰিচয় দিয়ে ǀ

উপৰুক্ত ৰচনাৰাজিয়ে জীৱন আৰু জগতৰ সম্পৰ্কে দৃষ্টিভংগী, ধৰ্ম বিশ্বাস, বিজ্ঞান মানসিকতা, কাৰিকৰী জ্ঞান, ৰাজনীতি, চিকিৎসা আদি বিস্তৃত ক্ষেত্ৰত প্ৰাচীন কালত ভাৰতীয়সকলে আহৰণ কৰা জ্ঞানৰ স্তৰকো প্ৰতিফলিত কৰে। এই গ্ৰন্থসমূহে ভাৰতীয়সকলৰ সমাজব্যৱস্থা, মনস্তত্ত্ব, সাহিত্য চেতনা, সৰ্বভাৰতীয় সাংস্কৃতিক ঐক্যবোধ গঢ়ি তোলাৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছিল। হিন্দুধৰ্মৰ চাৰি বৰ্ণাশ্ৰম ব্যৱস্থা, পিতৃ, মাতৃ, গুৰু, অতিথি বিদ্যা আৰু বিদ্বানৰ প্ৰতি ভাৰতীয় সংস্কৃতিত থকা শ্ৰদ্ধাৰ শিক্ষা এই গ্ৰন্থ ৰাজীয়ে প্ৰসাৰ কৰিছিল। জন্মান্তৰবাদ, অৱতাৰবাদ, মোক্ষ, স্বৰ্গ, নৰক, পাপ-পূণ্য আদিৰ ধাৰণাও এই গ্ৰন্থসমূহে জনপ্ৰিয় কৰি তুলিছিল। গ্ৰন্থসমূহত উল্লেখ থকা ‘সত্যমেৱ জয়তে’ (মুণ্ডক উপনিষদ), ‘অহিংসা পৰম ধৰ্ম’ (মহাভাৰত),‘জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰিয়সী’ (ৰামায়ন), ‘বসুধৈৱ কটুম্বকম’ (মহোপনিষদ) আদি আমোঘ বাণীয়ে ভাৰতীয় মূল্যবোধৰ ভেটি ৰচনা কৰিছিল। অসত্যৰ বিপৰীতে সত্যৰ প্ৰতি, অজ্ঞান আন্ধাৰৰ বিপৰীতে জ্ঞানৰ প্ৰতি, জড়তাৰ বিপৰীতে চেতনা লৈ নিয়াৰ প্ৰাৰ্থনা- ‘অসতো মা সদগময়, তমসোমা জ্যোতিগময়, মৃত্যুৰ্মা অমৃতগময়’ আদি আমোঘ বাণীয়ে ভাৰতীয় মনস্তত্ত্বক প্ৰেৰণা যোগায় আহিছে। সংস্কৃত ভাষাত ৰচিত গ্ৰন্থৰাজী পৰবৰ্তী সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তীয় ভাষালৈ অনুবাদ হৈছে। ইয়াৰ বহু কথা পৰিয়ালসমূহত বংশানুক্ৰমে, মৌখিকভাৱে, সমূহীয়া নাম কীৰ্তনৰূপে বা সামাজিক ৰীতি নীতি হিচাপে প্ৰৱাহমান হৈ আছে।