ভাৰতৰ সৰ্বতোকালৰ এজন সফল উদ্য়োগী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল নতুবা তেওঁৰ ভাল শিক্ষাগত অৰ্হতাও নাছিল। মেট্ৰিকতে শিক্ষা সমাপ্ত কৰা ধীৰুভায়ে প্ৰথমে পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ ভাল কামৰ বাবে ডিপোটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। উদ্য়োগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হাবিয়াসৰ বাবে তেওঁৰ চাকৰি বাদ দি ব্য়ৱসায় কৰিবৰ বাবে সিদান্ত ল'লে। "মন কৰিলে চন, বাকৰি মাটিতে ধন"। ব্য়ৱসায়ৰ বাবে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেচি মুনাফা অৰ্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰসকলৰ মাজতো বিতৰণ কৰিলে। মূলধনৰ অভাৱ উদ্য়োগী হোৱাৰ কেতিয়াও অন্তৰায় বা বাধা হ'ব নোৱাৰে। পেট্ৰল পাম্পৰ চাকৰি বাদ দি মোম্বাইৰ এটা ৩৫০ বৰ্গফুটৰ কোঠাৰ পৰা ধীৰুভাই আম্বানীয়ে কাপোৰৰ ব্য়ৱসায় আৰম্ভ কৰে। কোঠাটোত সম্বল বুলিবলৈ এখন টেবুল, তিনিখন চকী, আৰু এটা টেলিফোন। তাৰ পৰা তেওঁ "ৰিলায়েঞ্চ কমাৰচিয়েল কৰ্পোৰেচন" স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত ইয়েই বিখ্য়াত "ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ" হয়গৈ। ধীৰুভাই আম্বানীয়ে কৈছিল নতুন ধাৰণা বা চিন্তাৰ ওপৰত কাৰো একাধিপত্য় নাই। ডাঙৰকৈ ভাবা, খৰতকীয়াকৈ ভাবা, আনতকৈ আগত ভাবা। বহুতো মানুহৰ এক ধাৰণা আছে যে উদ্য়োগী হোৱাৰ গুণ জন্মগত আৰু উদ্য়োগী গঢ়িব নোৱাৰি। কিন্তু এই ধাৰণা এক ভ্ৰান্ত ধাৰণা। উপযুক্ত প্ৰশিক্ষণ আৰু অভিৰোচনৰ দ্বাৰা উদ্য়োগী গঢ়ি তুলিব পাৰি। ইয়াৰ বাবে কেৱল এজন ব্য়ক্তিৰ থাকিব লাগিব আত্মবিশ্বাস, ইচ্ছাশক্তি, আগ্ৰহ, দক্ষতা, স্বাধীনচিতীয়া আৰু সৃষ্টিশীল মন।