Add Book Write Article
Cancel

ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত ‘সাংস্কৃতিক একতাৰ জালিকা’ বুলিলে কি বুজা লিখা।

By u255f5c61b2 on 1 week ago
April 9, 2025, 10:21 a.m.

ভাৰতবৰ্ষক ‘সাংস্কৃতিক একতাৰ জালিকা’ বুলি বুজাব বিচৰা হৈছে। সিন্ধু সভ্যতা, বৈদিক সভ্যতা আৰু আর্য সভ্যতাৰ ভিন্ন নৃগােষ্ঠী যেনে – দ্রাবিড়, আর্যভাষী নর্ডিক, প্রট’ অষ্ট্ৰলয়ড, নিগ্রো, মংগােলীয়, ৱেষ্টার্ণ ব্রেচিচেফালিক আদিৰ প্ৰভাৱৰ পৰিণতিত ভাৰতৰ ঐতিহ্য গঢ়ি উঠাৰ দৰে উত্তৰ–পূর্বাঞ্চলতাে মংগােলীয় আৰু অষ্ট্ৰিক নৃগােষ্ঠীয় লােকৰ পৰা কালক্ৰমত উত্থান হােৱা ভালেমান জাতি–জনজাতিৰ প্ৰভাৱত এক বৈশিষ্ট্যসম্পন্ন ঐতিহ্য গঢ়ি উঠিছে। ভাৰত আৰু উত্তৰ–পূর্বাঞ্চল উভয়ৰে লােকসমষ্টিৰ ধর্মীয় বিশ্বাস, উৎসৱ, নৃত্য, সংগীত, ৰীতি–নীতি ভিন ভিন। এই মহান আৰু অনন্য সাংস্কৃতিক ঐতিহ্য থকাৰ সত্ত্বেও সামগ্রিকভাৱে ভাৰতত আৰু বিশেষভাৱে উত্তৰ–পূর্বাঞ্চলত এক সাংস্কৃতিক একতা বিৰাজ যাৰ সূত্রপাত হৈছে বাণিজ্যক, আদান–প্রদান, বিবাহ, যুদ্ধকালীন পাৰস্পৰিক সাহায্য আদিৰ জৰিয়তে।

সমগ্ৰ ভাৰতখন বিভিন্ন ক্ষেত্ৰত বিবিধতাৰ সৃষ্টি কৰিও একতাৰ বান্ধোনেৰে বান্ধ খাই আছে। সামাজিক পৰম্পৰা, বিশ্বাস, ৰীতি-নীতি ধর্মীয় ক্রিয়াকাণ্ড আদিৰ আত্মীয়কৰণৰ ফলত ভিন্ন সাংস্কৃতিক গােটৰ উত্থান হৈছে। গতিকে, লােকসকলৰ মাজৰ সাংস্কৃতিক বিনিময়ে সংস্কৃতিক একতাৰ জালিকা গঠন কৰিছে যিয়ে দেশৰ বৈচিত্র্যৰ মাজত একতা স্থাপনতাে ভূমিকা পালন কৰিছে।