"মই অমীয়া'' কবিতাটোৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি আনুগত্য আৰু স্ব-জাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা প্ৰকাশিত হৈছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা কবিতাটোত অসম বুৰঞ্জীৰ নানা দিশো ফুতি উঠিছে। কবিতাটোৰ আৰম্ভণিতে কবিয়ে অসমখনক সেউজীয়া দূবৰিৰ দেশ বুলি কৈ শস্য-শ্যামলা ভূমিৰূপে প্ৰতিপন্ন কৰিছে। অসমৰ বননিখনক মিনা কৰা বুলিও কোৱা হৈছে। পাহাৰে-পৰ্বতে অসমভূমিৰ প্ৰতিটো গছৰ পাতেই যেন সৌন্দৰ্য্যৰ আকাৰ। নিয়ৰ পৰি থকা পাতবোৰ ৰদ পৰি মণি-মুকুতাহে যেন তেনেদৰে চিকমিকাই আছে। বনজ সম্পদৰে চহকী অসমৰ মূল্যৱান সম্পদ হৈছে হাতীদাঁত। অসমত আকৌ ভৰিত পিন্ধা খৰমৰ চোলাটোও হাতীদাঁতেৰে সজা হয়। অসমৰ বাট-পথ, দলং আদিও মূল্যৱান মণিৰে সজা হয়। বাঘৰ নখেৰে আঙঠি, খাৰু আদিও তৈয়াৰ কৰা হয়। ম'হৰ শিঙেৰে পেঁপা প্ৰস্তুত কৰা হয়। অসমৰ নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত সোণ পিন্ধে। ভেকুলীবোৰে কপালত যেন ফোঁট লৈ সাজিকাচিহে থাকে।
প্ৰকৃতিয়ে আচলতে অসমক সকলো সুন্দৰ ৰূপে ধাৰণ কৰিবলৈ দিছে।