কবিয়ে নিজৰ জন্মভূমিক প্ৰাণৰো প্ৰাণ বুলি কৈছে। নিজকে অসমীয়া বুলি কবিয়ে গৌৰৱ কৰে। প্ৰৱল প্ৰতাপী মোগল সকলকো অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী মূৰ্তি লৈ যুজঁত পৰাজয় কৰিছিল। হেংদাং লৈ যুদ্ধ কৰি মোগলক পৰাস্ত কৰি খেদি দিয়াৰ বাবে অসমৰ সন্তান সকলক লৈ কবিয়ে গৌৰৱ অনুভৱ কৰে। গৰম পানীৰে সান্দহ গুৰি খাই জীয়াই থকা অসমৰ মানুহৰ ইমান শক্তি ক'ৰ পৰা আহে তাকে ভাবি কবি আচৰিত হ'ল। কবিৰ মতে কবিৰ দেশৰ মানুহ সহজ-সৰল, অমায়িক আছিল। এই অসম দেশৰ মানুহৰ মুখৰ মাতত মৌ সনা আছিল। ইমান কোমল অন্তৰৰ মানুহ যে দেশ ৰক্ষা কৰিবলৈ বজ্ৰকঠোৰ হ'ব পাৰে সেই কথা কবিয়ে কেতিয়াও ভাবিব পৰা নাছিল। সেইবাবে কবিয়ে অসমীয়া জাতিৰ বিৰত্ব আৰু পৰাক্ৰমক লৈ প্ৰসংশা কৰিছে।