Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

"মই অসমীয়া" কবিতাটোৰ সাৰাংশ লিখা ।

"মই অসমীয়া" কবিতাটোৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ ভালপোৱাৰ কথা কৈছে। অসমৰ ৰূপ সৌন্দৰ্যই কবিক আকষৰ্ণ কৰিছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা সৰু আৰু অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে এই কবিতাটোত। কবিতাটোত নিজৰ আৱেগক কিছু সময়লৈকে মোগলৰ কথক সাজি তুলিছে। কবিৰ মতে মোগল সকল আছিল প্ৰৱল পৰাক্ৰমী জাতি । ভাৰতবৰ্ষৰ এমূৰে থকা অসম দেশ জয় কৰিব বাবে মোগল সকল আহিছিল। মোগল সকল যেতিয়া অসম আক্ৰমণ কৰিবৰ বাবে অসমত সোমাই তেতিয়া মোগল সকলে অসমীয়া মানুহৰ বিৰত্ব দেখি অৱাক হৈছিল। যি মোগলে ৰাজপুতক জয় কৰিছিল সেই মোগলেই। পিছে সমুখ সমৰত অসমীয়াৰ পৰাক্ৰম সহিব নোৱাৰিলে। অসমীয়া পুৰুষ মহিলাৰ প্ৰচণ্ড আত্মবিশ্বাস আৰু বীৰত্বতে যুঁজি অসমৰ জন্মভূমিৰ স্বাধীনতা ৰক্ষা কৰিলে। মোগল সকল যি বাটে আহিছিল সেই বাটে অসমীয়াই ওভোতাই পঠালে। সেইবাবে কবিয়ে অসমক, কবিয়ে এই বিজয়ক সুৱৰি আনন্দিত হৈ পৰে। কবিয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি মোগলৰ মুখেৰে অসমৰ সৌন্দৰ্যৰ প্ৰশংসা কৰাইছে। কবিয়ে অসমৰ ৰূপ, গুণ, সৌন্দৰ্য আৰু সেউজীয়া পৰিৱেশ দেখি মোগল সকল অসমত থাকি গ'ল বুলিও কৈছে। অসমৰ অসমীয়া ভাষাক কবিয়ে সাগৰীয় ভাষা বুলিও গণ্য কৰিছে। কবিয়ে মৃত্যুৰ পাছতো এই ভাষা সৰগত শুনিব বিচাৰিছে। এই মাটিৰ মায়াই কবিক আকুল কৰিছে। কবিয়ে নিজৰ দেশৰ বাবে জীয়াই থাকিব বিচাৰে আৰু নিজ দেশৰ হকে মৰিবও বিচাৰে। পৰম্পৰাগত নিয়ম বা প্ৰথাৰ বৰ্ণনাৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ সচাঁ ভালপোৱাৰ কথা কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে।

Write Your Answer