কৃষ্ণ হৈছে জগতপতি বিষ্ণুৰ পূৰ্ণ অৱতাৰ। যশোদাৰ একান্ত ভক্তিত বিষ্ণু সন্তুষ্ট হৈ পুত্ৰ ৰূপে জন্ম গ্ৰহণ কৰিছিল।
কৃষ্ণই আপত্তি দৰ্শাইছে যে, বাহৰ বাঁহী বজাই কৃষ্ণৰ দুই ওঁঠ ফাটি তেজ বৈ গৈছে যদিও, মাকে এই কথা জানিও তেওঁক এটা সোণৰ বাঁহী গঢ়াই নিদিয়ে। তেওঁ ৰাজপটেশ্বৰী যশোদাক কৈছে যে, মাটিত পুতি থওঁতে থওঁতে তেওঁৰ ধনত জুই লাগিব। গৰু চ'ৰাবলৈ যোৱা কৃষ্ণৰ হাতত মাকে যি এমুঠি ভাত দি পঠায় সেই খাদ্য়ও তেওঁৰ আধাপেটিহে হয়। নটুৱা টনাক পিন্ধি অৰ্থাৎ, সৰু গামোচাৰ দৰে পোছাক পিন্ধি দিনটো গৰু চ'ৰাই থাকোঁতে তেওঁক কাঁইটে বিন্ধে অথচ মাকৰ খবৰে নাই। চুলিত তেল অকণো খানি নিদিয়াত তেওঁৰ কেঁকোৰা চুলিত ধূলি পৰি প্ৰকাণ্ড জঁটা বান্ধি গৈছে। এইবোৰ কথা ভাবিলে কৃষ্ণৰ মনটো দুখেৰে ভৰি পৰে আৰু কান্দোন ওলাই আহিব খোজে।
মাকৰ এইবোৰ গুণৰ কথা ক'বলৈ কৃষ্ণৰ লাজ লাগে বুলি পাঠটোত বৰ্ণনা কৰা হৈছে।v