'মগনিয়াৰ' যতীন্দ্ৰনাথ দুৱৰাৰ এটি উৎকৃষ্ট কথা-কবিতা ৷ সাধাৰণতে কথা-কবিতাবোৰত বহুতো সাধাৰণ বৈশিষ্ট্য লক্ষ্য কৰা যায় ৷ 'মগনিয়াৰ' কবিতাটোৰ এই লক্ষণসমূহ আলোচনা কৰা হ’ল- কথা-কবিতাবোৰ ৰূপকাত্মক ৷ 'মগনিয়াৰ' কবিতাটোতো ৰূপকৰ সঠিক প্ৰয়োগ ঘটিছে৷ মগনিয়াৰ ৰূপকৰ জৰিয়তে কবিয়ে সমাজৰ শোষিত আৰু অৱহেলিত লোকসকলৰ মৰ্মবেদনা আৰু সেইসকলৰ প্ৰতি কবিৰ সহানুভূতি প্ৰকাশ পাইছে ৷ কথা-কবিতাবোৰত এটি মাত্ৰ কেন্দ্ৰস্হ ভাৱ থাকে ৷ সমাজৰ শোষিত আৰু অৱহেলিত এটা শ্ৰেণীৰ প্ৰতি কবিৰ গভীৰ মানৱতাবোধ কবিতাটোত মৰ্মস্পৰ্শী ৰূপত প্ৰতিফলন হৈছে ৷ কথা-কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত ৷ 'মগনিয়াৰ' কবিতাত মগনিয়াৰজনৰ আৱয়ৱিক বৰ্ণনাত চিত্ৰধৰ্মিতাৰ পয়োভৰ ঘটিছে ৷ কবিতাটো পঢ়ি যাওঁতে চকুৰ সন্মুখত এজন সৰ্বহাৰা মগনিয়াৰ কৰুণ ছবি ভাঁহি উঠে ৷