কবিয়ে বাটত এদিন এজন মগনিয়াৰক লগ পাইছিল ৷ দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনে সহায় বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল ৷ কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল ৷ কবিয়ে মগনিয়াৰজনৰ হাতদুখন সাৱটি একো দিব নোৱাৰাৰ বাবে খং নকৰিবলৈ অনুৰোধ জনালে ৷ কবিৰ আন্তৰিকতা, দয়া আৰু স্ন" অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল ৷ মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিকে মহান দান বুলি গণ্য কৰি কবিক অশেষ ধন্যবাদ জ্ঞাপন কৰিলে ৷