অসমীয়া সাহিত্যত প্ৰথম কথা-কবিতাৰ জনক যতীন্দ্ৰনাথ দুৱৰাৰ "মগনিয়াৰ" এটা উৎকৃষ্ট কথা-কবিতা ৷ কবিতাটোত ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ "The Beggar" নামৰ কথা-কবিতাটোৰ সাদৃশ্য আছে ৷ কবিতাটোত কবিয়ে এজন সৰ্বহাৰা মগনিয়াৰ ছবি অংকন কৰিছে ৷ কবিয়ে মগনিয়াৰজনক বাটত লগ পাইছিল ৷ দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনে সহায় বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল ৷ কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল ৷ যাৰ বাবে মগনিয়াৰজনৰ হাতত ধৰি কবিয়ে গভীৰ সহানুভূতি ব্যক্ত কৰিলে আৰু তেওঁক খং নকৰিবলৈ অনুৰোধ জনালে ৷ কবিৰ আন্তৰিকতা,দয়া আৰু স্নেহ অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল ৷ মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিকি মহান দান বুলি গণ্য কৰিলে আৰু কবিক ধন্যবাদ জ্ঞাপন কৰিলে ৷ কবিতাটোৰ মাজেৰে ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতাৰ প্ৰকাশ ঘটিছে ৷