ড° সূর্যকুমাৰ ভূঞাৰ 'হস্তীবিদ্যার্ণৱ পুথিখন' হ’ল হাতী বিষয়ক এক উল্লেখযোগ্য পুথি। হস্তীবিদ্যার্ণৱ পুথিত বিভিন্ন প্ৰকাৰৰ আৰু চৰিত্ৰৰ হাতীৰ বিৱৰণ দাঙি ধৰা হৈছে। ইয়াৰ লগতে হাতীশাল নির্মাণৰ নিয়ম, হাতী দাঁতৰ মূল্য আদিৰ বিষয়েও বর্ণনা পোৱা যায়। হস্তী গ্রন্থৰ অন্তৰ্গত প্রধান বিষয়বস্তু হৈছে – বিবিধ হাতীৰ লক্ষণ, হাতীশাল নির্মাণৰ নিয়ম, হাতীবন্ধা খুঁটাৰ মান আৰু কাঠৰ নিবন্ধ, হাতীদাঁতৰ মূল্য, যাত্রা কালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম, কামন্দকীয় নীতিসাৰ মতে হস্তীৰ কৰ্ম, যুদ্ধ হস্তীৰ কথা, ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথা, ৰজাৰ গড়ৰ বাজত থাকিবলগীয়া হাতী, অন্য ৰজাৰ লগত অপ্রীতিবর্ধক হাতী, বেয়া হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই হাতীৰ শিকোৱাৰ নিবন্ধ, ময়দাৰ, মেদ বৃদ্ধি, পুষ্টি, মনচোকা আৰু বলৱন্ত হোৱাৰ নিয়ম, হস্তী বশ্য হোৱাৰ মন্ত্র আদি। পুথিখনত মঙ্গলদায়ক হাতীৰ বৰ্ণনা কৰি কৈছে যে হাতীৰ শৰীৰৰ বৰণ হʼব লাগে শ্যামবৰ্ণ, দেখাত সুন্দৰ হʼব লাগে। হাতী প্ৰকাণ্ড প্ৰাণী যদিও শৰীৰ হʼব লাগে স্থূল। দুয়োটা দাঁত সমান দীঘল হোৱা উচিত। সমানে ৰঙ্গ কৰা হʼব লাগে। কামৰ সময়ত আগলৈ চাপি যোৱা হাতীৰ লক্ষণ ভাল। কালশিলি বৰ্ণৰ হʼব লাগে। হাতীৰ নখ আগছোৱা জোঙা, অলপ কʼলা অৰ্থাত পাতল কলা বৰণৰ হোৱা উচিত। বলৱন্ত হাতীৰ মূল্য অধিক। তেনে হাতীয়ে ৰজাক গড়ৰ ভিতৰ-বাহিৰ সকলোতে ভাল কাম দেখুৱায়। তেনে লক্ষণৰ হাতীক উত্তম আহাৰ দি সোনকালে বশ কৰিব পৰা যায়। এনেদৰে পুৰণি কালত ভাল হাতী বা উন্নত গুণসম্পন্ন হাতীক মঙ্গলদায়ক হাতী বুলি কোৱা হৈছিল আৰু এনে হাতীক ৰজা-মহাৰজা সকলে গুৰুত্ব সহকাৰে ভাল বিষয়া নিযুক্তিৰে পোহপাল দিছিল।